December 11, 2024 8:22 PM December 11, 2024 8:22 PM
2
কোকৰাঝাৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত সামাজিক মাধ্যমৰ প্ৰভাৱ, চাইবাৰ সুৰক্ষাৰ বিষয়ত সজাগতা অভিযান
বি টি আৰৰ তথ্য আৰু জনসম্পৰ্কৰক্ষী বিভাগে ছাত্ৰ-ছাত্ৰীৰ মাজত সামাজিক মাধ্যমৰ প্ৰভাৱ আৰু চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি কোকৰাঝাৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ সজাগতা অভিযানৰ আয়োজন কৰে। বি টি আৰৰ কাৰ্যবাহী সদস্য ড০ নিলুট স্বৰ্গীয়াৰীয়ে উদ্বোধন কৰা এই অভিযানত কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদাতা ৰঞ্জন কে বৰুৱা আৰু বি টি চিৰ সচিব ৰক্তিম বৰুৱা উপস্থিত থাকে।