December 11, 2024 10:31 AM

views 20

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২৬,৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰেপৰা ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা আগবঢ়োৱা হ'ব। এই কাৰ্যসূচীৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ'ব। আনহাতে ৬০ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃৰ্তিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসক স্কুটী বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হ'ব। তেওঁ কয়, যে আনন্দৰাম বৰুৱা বঁটাপ্ৰাপ্ত শিক্ষার্থীক বেংক একাউণ্টৰ জৰিয়তে ১২,৫০০ টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই বঁটা...

October 14, 2024 8:14 PM

views 18

ববিতা শর্মালৈ কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠিত কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা ববিতা শর্মালৈ আগবঢ়োৱা হৈছে। শিশু সাহিত্যৰ সুবাস শীৰ্ষক গ্ৰন্থৰ বাবে লেখিকাগৰাকীয়ে এই বঁটা লাভ কৰিছে। ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰকাশিত সৃষ্টিমূলক শিশু সাহিত্য, শিশু সাহিত্য পর্যালোচনা, শিশু সাহিত্য অলংকৰণ আৰু শিশু সাহিত্য প্রকাশন এই চাৰিটা শিতানত শিশু গ্রন্থ আহ্বান জনোৱা হৈছিল। অহা ২৩ অক্টোবৰত যোৰহাটত নেচনেল বুক ট্রাষ্ট অৱ ইণ...

October 8, 2024 6:45 PM

views 22

গল্পকাৰ পাপৰি বৰ্মনলৈ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

২০২৪ বৰ্ষৰ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ‘পৰুৱা পোহনীয়া’ শীৰ্ষক ছুটি গল্প সংকলনৰ বাবে তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ পাপৰি বৰ্মনলৈ আগবঢ়োৱা হৈছে। সাহিত্যিক সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাক উদ্গানি যোগোৱাৰ বাবে ১৯৯৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে – নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি পত্র।