December 11, 2025 7:46 PM

views 17

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ শ্ৰোতা প্ৰেৰণা বঁটা ২০২৫

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্রোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা ২০২৫ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ আগবঢ়োৱা হৈছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্রোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে। ২০১০ চনৰ ২৫ ডিচেম্বৰত জিলাখনৰ মুদৈবিলত প্ৰতিষ্ঠা লাভ কৰা এই সংঘই মূলতঃ ৰেডিঅ' প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৰেডিঅ'ৰ ...