December 24, 2025 8:16 PM

views 15

শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা, ২০২৫ প্ৰদান অনুষ্ঠান

গুৱাহাটীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সূৰ্যৰ উদ্যোগত আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত আজি বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা, ২০২৫ প্ৰদান কৰা হয়। বিয়লি চাৰে পাঁচ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তৰুণ চলচ্চিত্র নির্মাতা শশাংক সমীৰক এই বঁটা প্ৰদান কৰা হয়। একেদৰে নৱাগত চলচ্চিত্ৰ নিৰ্মাতা শিল্পীকা বৰদলৈক শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা আগবঢ়োৱা হয়। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়া আৰু অভিনেতা, পৰিচা...

December 12, 2025 11:39 AM

views 17

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ ২০২৫ বৰ্ষৰ শ্রোতা প্ৰেৰণা বঁটা

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্রোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্রোতা প্ৰেৰণা বঁটা ২০২৫ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ আগবঢ়োৱা হৈছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্রীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে, ২০১০ চনৰ ২৫ ডিচেম্বৰত মাজুলীৰ মুদৈবিলত প্রতিষ্ঠা লাভ কৰা ৰেডিঅ' শ্রোতা সংঘই মূলতঃ ৰেডিঅ' প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্রত...

December 6, 2025 12:20 PM

views 16

ডাঃ নীলাক্ষী চলিহা গগৈক সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণি ৰাজ্যিক বঁটা, ২০২৫ প্রদান

সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণি ৰাজ্যিক বঁটা, ২০২৫ এইবেলি বিশিষ্ট কবি আৰু ঔপন্যাসিক ডাঃ নীলাক্ষী চলিহা গগৈক প্রদান কৰা হ'ব। সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণি ন্যাসে আগবঢ়াই অহা এই বঁটা প্রদান অনুষ্ঠানটি কাইলৈ গুৱাহাটীৰ কটন এল'মনাই ভৱনত অনুষ্ঠিত হ'ব। বঁটা প্রদান অনুষ্ঠানত অধ্যাপক উষাৰঞ্জন ভট্টাচার্য সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জনপ্রিয় ঔপন্যাসিক ড° নন্দিতা দেৱী, আকাশবাণীৰ প্ৰাক্তন বিষয়া তথা কবি ৰাজীৱ বৰুৱা আৰু অৱসৰপ্ৰাপ্ত জিলা আৰু সত্র ন্যায়াধীশ খগেন দহোটীয়াও এই অনুষ্ঠানত উপস্থিত থাকিব বুলি ন্যাসৰ...

November 6, 2025 10:49 AM

views 50

প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা

● প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা আগবঢ়োৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়োৱা এই বঁটা অহা ২ ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰীত হ'বলগীয়া চ্যুকাফা মহোৎসৱত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিবছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ আর্থসামাজিক, সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা একোগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে।

November 3, 2025 6:55 PM

views 191

অসম প্ৰকাশন পৰিষদৰ ২০২৫ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান

অসম প্ৰকাশন পৰিষদে ২০২৫ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান কৰিছে। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্য গ্ৰন্থৰ মাজৰ পৰা বাছনি লাভ কৰা গ্ৰন্থৰ লেখক আৰু প্ৰকাশকক এই বঁটাৰে সন্মানিত কৰা হ'ব। পৰিষদৰ সচিব প্রমোদ কলিতাই এই বিষয়ে প্ৰকাশ কৰি কয়, যে এই বঁটা লাভ কৰা গ্ৰন্থৰ লেখকক ৫ লাখ টকাৰ সৈতে মানপত্ৰ আৰু প্ৰকাশকক ৩ লাখ টকাৰ সৈতে মানপত্র দিয়া হ'ব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ লেখক অথবা ...

August 29, 2025 2:15 PM

views 16

২০২২-২৩ বৰ্ষৰ স্কোপ উৎকর্ষতা বঁটা প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক ২০২২-২৩ বৰ্ষৰ স্কোপ উৎকর্ষতা বঁটা প্ৰদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বাধীনতাৰ সময়ৰে পৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ অৰ্থনৈতিক বিকাশ আৰু সামাজিক অন্তৰ্ভুক্তিৰ শক্তিশালী কাৰক হিচাপে বিবেচিত হৈছে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক তেওঁ ঔদ্যোগিকীকৰণ, আন্তঃগাঁথনি উন্নয়ন, সামাজিক উৎকৰ্ষতা আৰু সন্তুলিত আঞ্চলিক উন্নয়নৰ দিশৰ আধাৰ বুলিও অভিহিত কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় বিত...

April 3, 2025 1:06 PM

views 19

ৰাণা প্রতাপ কলিতালৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি বিয়লি ৩ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান কৰিব। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হৈছে। সংগীত শিল্পী দ্বিপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা চেত্ৰী আৰু টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° এছ ৰামডুৰাই, ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহ...

March 5, 2025 12:10 PM

views 13

ড° শুভ্রকিংকৰ গোস্বামীলৈ ভাৰতীয় চিকিৎসা সন্থাৰ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা

ভাৰতীয় চিকিৎসা সন্থাই ৰাজ্যৰ এগৰাকী বিশিষ্ট লেখক তথা চকুৰোগ বিশেষজ্ঞ ড° শুভ্রকিংকৰ গোস্বামীলৈ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা আগবঢ়াইছে। অহা ৭ আৰু ৮ মাৰ্চত শিলচৰত হ'বলগীয়া সন্থাৰ দ্বিবার্ষিক অধিৱেশনত ডাঃ গোস্বামীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। শেহতীয়াকৈ প্রকাশিত উপন্যাস ‘নীল নক্ষত্ৰৰ সুৰ’ৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।

February 28, 2025 1:36 PM

views 48

২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা

ৰাজ্য চৰকাৰৰ বিজ্ঞান প্রযুক্তি তথা জলবায়ু পৰিৱৰ্তন বিভাগে কালি ২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা কৰে। আই আই টি গুৱাহাটীৰ প্রাক্তন সঞ্চালক প্ৰফেচাৰ এমেৰিটাছ ড০ গৌতম বৰুৱালৈ ২০২৪ চনৰ ৰাজ্যিক বিজ্ঞান বঁটা শিতানত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত জীৱনজোৰা কৃতিত্বৰ বাবে বঁটা আগবঢ়োৱা হৈছে। আই আই টি গুৱাহাটীৰ ইলেকট্ৰনিকছ আৰু বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড০ তন্ময় দত্তলৈ যুৱ বিজ্ঞানী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ ফাৰ্মাচ...

December 31, 2024 7:05 PM

views 16

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে দিলীপ তামুলীলৈ এই বঁটা আগবঢ়োৱা হৈছে। ২০০২ চনৰ পৰা প্ৰয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোগৰাকী শিল্পীলৈ এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে - এটা স্মাৰক, এখন প্রশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা। উল্লেখযোগ্য যে ১৯৫৮ চনত মাজুলীত জন্মগ্ৰহণ কৰা শিল্পী দিলীপ তামুলীয়ে শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পৰা গ...