March 13, 2025 3:32 PM

views 29

অষ্ট্ৰেলিয়ান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱেলাৱন ছেন্থিল কুমাৰ

ভাৰতৰ ৱেলাৱন ছেন্থিল কুমাৰে অষ্ট্ৰেলিয়ান অ’পেন স্কোৱাছ প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেন্থিল কুমাৰে কালি বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত অষ্ট্ৰেলিয়াৰ যোছেফ হোৱাইটক ৩-০ ফলাফলত পৰাস্ত কৰে। বিশ্বৰ ৪৩ সংখ্যক স্থানৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে ১১-৬, ১১-২, ১১-৪ পইণ্টত সহজে জয়লাভ কৰে । ছেন্থিল কুমাৰ আজি বিয়লি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰফাইনেলত স্কটলেণ্ডৰ গ্ৰেগ লোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।