December 29, 2024 8:15 PM
16
অষ্ট্ৰেলিয়াৰ গ্ৰেম্পিয়ানছ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত বনজুইত জীৱজন্তুৰ মৃত্যুৰ লগতে বহু সম্পত্তিৰ ক্ষতি
অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ পশ্চিমত অৱস্থিত গ্ৰেম্পিয়ানছ ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ বনজুইৰ ঘটনা সংঘটিত হৈছে। এই বনজুইত ক্ষতিগ্রস্ত লোকসকলৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি এলবানিছে এককালীন আর্থিক সাহাৰ্যৰ কথা ঘোষণা কৰিছে। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে বনজুইৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন কৰে। তেওঁ জনোৱা মতে, অগ্নিকাণ্ডৰ ফলত প্ৰত্যক্ষভাৱে প্ৰভাৱিত শ্ৰমিক আৰু ব্যৱসায়ীসকলক কাইলৈৰ পৰা ফেডাৰেল আৰু ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰাধীকৰণৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ'ব। উল্লে...