December 11, 2024 8:06 PM
11
মহিলা এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক ৮৩ ৰানত পৰাস্ত অষ্ট্ৰেলিয়াৰ
পাৰ্থত অনুষ্ঠিত মহিলা ক্রিকেটৰ এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ৮৩ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই শৃংখলাটোৰ তিনিওখন খেলতে জয়লাভ কৰি অপ্ৰতিৰোধ্য হৈ থাকে। ভাৰতে ২৯৯ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৫ অভাৰ এটা বলত আটাইকেইটা উইকেট ২১৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ১০৫ ৰান কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৯৮ ৰান সংগ্ৰহ কৰে। ঘৰুৱা দলটোৰ হৈ এনাবেল ছাডাৰলেণ্ডে ৯৫টা বলত ১১০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ...