September 21, 2024 7:22 PM

views 14

অসমত বিগত ৬ বছৰত কৃষি ৰপ্তানিৰ বিকাশ ৮৫ শতাংশলৈ বৃদ্ধিঃ কৃষিমন্ত্ৰী অতুল বৰা

অসমত যোৱা ৬টা বছৰত কৃষি ৰপ্তানিৰ বিকাশ ৮৫ শতাংশলৈ বৃদ্ধি পাইছে। কৃষি, পশুপালন তথা পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাইব্ৰেণ্ট নর্থ-ইষ্ট ২০২৪ শীৰ্ষক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে। ড'নাৰ মন্ত্ৰ্যালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানটিত তেওঁ লগতে কয় যে, অসমত শেহতীয়াকৈ সুকীয়া কর্মসংস্কৃতিৰ পৰিৱেশ ৰচনা হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে ৰাজ্যৰ সৰ্বস্তৰৰ লোকৰ কল্যাণ তথা ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ হকে কাম কৰি আছে। মন্ত্ৰী বৰাই কয় যে, প্রধানমন...