October 26, 2025 6:57 PM

views 34

ৰাজ্যখনৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনগোষ্ঠীকেইটাৰ অন্তৰ্গত দল-সংগঠনে জনাই অহা দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমর্থন আছেঃ অতুল বৰা

ৰাজ্যখনৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনগোষ্ঠীকেইটাৰ অন্তৰ্গত দল-সংগঠনে জনাই অহা দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমর্থন আছে বুলি দলৰ সভাপতি অতুল বৰাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে আহোম, চুতীয়া, মৰাণ, মটক, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে দীর্ঘদিন ধৰি জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে। এই দাবীৰ প্ৰতি অসম গণ পৰিষদ দলে সমর্থন জনাই বুলি তেওঁ সাংবাদিকৰ আগত প্রকাশ কৰে। উল্লেখযোগ্য যে উজনি অসমত এই জনগোষ্ঠীকেইটাৰ দল-সংগঠনৰ নেতৃত্বত সাধাৰণ লোকসকলে দীর্ঘদিন ধৰি জনজাতিকৰণৰ দাবীত আন্দোলন চলাই আহিছে। মুখ্...