October 28, 2024 11:45 AM

views 19

মন্ত্রী অতুল বৰাই নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে চৰকাৰী আঁচনি ৰূপায়ণৰ বুজ লয়

নলবাৰী জিলাৰ অভিভাৱক মন্ত্রী তথা কৃষি মন্ত্ৰী অতুল বৰাই নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হৈ চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত বুজ লয়। মন্ত্ৰীগৰাকীয়ে মে' মাহৰ ভিতৰত কৃষি বিভাগত এহেজাৰ ৮০০ গ্ৰামসেৱক পদত নিযুক্তি দিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা বিভাগে গ্ৰহণ কৰা বুলি উল্লেখ কৰি কৃষি বিভাগক বিষয়া-কৰ্মচাৰীৰ অভাৱে বহু পৰিমাণে কাম-কাজ চলাই নিয়াত সমস্যাৰ সৃষ্টি কৰিছে বুলি প্ৰকাশ কৰে।