July 20, 2025 12:41 PM

views 19

যোৰহাট জিলাৰ কৃষি আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

কৃষিমন্ত্ৰী অতুল বৰাই কালি যোৰহাট জিলাৰ কৃষি আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। ৰাজ্যৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা খৰাং সদৃশ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ অৱস্থাৰ বুজ লয়। স্বাভাৱিক অৱস্থাতকৈ জিলাখনত এইবাৰ বৰষুণৰ পৰিমাণৰ ৭ শতাংশ হ্রাস হোৱা বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে। বতৰৰ এই প্ৰতিকূল পৰিৱেশৰ এটা সূক্ষ্ম পৰ্যালোচনা কৰি কৃষক ৰাইজৰ সহায় হোৱাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীগৰাকীয়ে জিলা কৃষি বিষয়াক নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগ...