November 8, 2024 6:52 PM November 8, 2024 6:52 PM
1
নৱপ্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিতঃ কৃষিমন্ত্ৰী অতুল বৰা
কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যৰ নৱ প্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিত বুলি প্ৰকাশ কৰিছে। মন্ত্ৰী বৰাই আজি যোৰহাট জিলাৰ চিনামৰাৰ এখন বিদ্যালয়ৰ ভূমিত শিক্ষাৰ্থীসকলৰ সৈতে ধান কটাৰ শুভাৰম্ভ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, যদিহে ৰাজ্যৰ শৈক্ষিক প্রতিষ্ঠানসমূহে বিদ্যালয় পৰ্যায়ৰ পৰা শিক্ষাৰ্থীসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সক্ষম হয় তেতিয়া শিক্ষাৰ্থীসকলে বিভিন্ন বৃত্তিৰ লগতে কৃষি বিজ্ঞানী তথা কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব। ইয়াৰ ফলত তেও...