May 22, 2024 8:22 PM

views 17

বোকাখাতৰ কৃষকৰ ৫ কোটি ২৪ লাখ টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ

গোলাঘাট জিলাৰ বোকাখাতৰ কৃষকসকলে চলিত বছৰত ৫ কোটি ২৪ লাখ টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিছে। বিগত বছৰত বোকাখাতৰ কৃষকসকলে ২ কোটি টকা মূল্যৰ ৰঙালাও প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছিল। কৃষিমন্ত্ৰী অতুল বৰাৰ তত্ত্বাৱধানত ৰাজ্যৰ কৃষি বিভাগে এই কৃষকসকলৰ দ্বাৰা উৎপাদন কৰা ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণ কাৰ্যৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষকসকলক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে অসমত স্ব-নিৰ্ভৰশীলতাৰ বাবে বিভিন্ন ইতিবাচক কর্মক্ষেত্র আছে। কর্মস্পৃহা আৰু উদ্যমেৰে আগবাঢ়িলে এইক্ষ...