July 19, 2024 11:42 AM

views 21

ৰাজ্যত বানৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাৰ ৰোগৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পশুপালন বিভাগক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিয়ে। দিছপুৰত অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীৰ্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। পশুপালন আৰু দুগ্ধ খণ্ডৰ গুৰুত্ব বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই খণ্ডসমূহৰ উন্নয়ন আৰু পশুপালক তথা দুগ্ধপালকসকলৰ সবলীকৰণ সুনিশ্চিত কৰাৰ বাবে প্ৰচেষ...