December 31, 2025 8:10 PM
8
অগপই ইংৰাজী ২০২৬ বছৰটোতো ৰাইজৰ সৱল কণ্ঠৰ ভূমিকা পালন কৰি যাব : অতুল বৰা
অসম গণ পৰিষদ দলে ইংৰাজী ২০২৬ বছৰটোতো ৰাইজৰ সৱল কণ্ঠৰ ভূমিকা পালন কৰি যাব। বছৰটোৰ অন্তিম দিনা আজি দলটোৰ আমবাৰী মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই অংগীকাৰৰ কথা প্ৰকাশ কৰে। সভাপতি অতুল বৰাই কয় যে অসম গণ পৰিষদে ঘৰে ঘৰে সংস্থাপন-ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক গ্ৰামাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত মিত্ৰদল বিজেপিৰ সৈতে দলটোৱে মিত্ৰতা অক্ষুণ্ণ ৰাখি জয়লাভৰ সম্ভাৱনা থকা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি শ্ৰী...