May 16, 2024 2:26 PM

views 29

অসম এথলেটিকছ সন্থাৰ কার্যনির্বাহক সভা

খানাপাৰাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি অসম এথলেটিকছ সন্থাৰ এখন কার্যনির্বাহক সভা অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী তথা সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাই এই সভাখনত অধ্যক্ষতা কৰি ৰাজ্যৰ উদীয়মান খেলুৱৈসকলৰ উন্নতমানৰ প্ৰশিক্ষণৰ বাবে গুৱাহাটীত এখন এথলেটিকছ একাডেমী নিৰ্মাণৰ সম্পৰ্কত সন্থাৰ সদস্য তথা বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ লগতে অসম এথলেটিকছ সন্থাৰ অধীনত চলি থকা অন্যান্য পদক্ষেপসমূহৰো অগ্রগতি সম্পৰ্কে বুজ লয়।