July 28, 2025 6:39 PM July 28, 2025 6:39 PM
8
ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন আটাছুৰ
শিৱসাগৰ জিলাৰ ৰংঘৰৰ বাকৰিত আজি সদৌ টাই আহোম ছাত্ৰ সন্থা, আটাছুৱে এখন সংবাদ মেলৰ আয়োজন কৰি জিলাখনৰ ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰে। আটাছুৱে পূৰাতত্ব বিভাগ আৰু জিলা প্ৰশাসনক ইয়াৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিয়ে। সংগঠনটোৱে ৰংঘৰ, পহুগড়, ৰংগনাথ মন্দিৰ আৰু যমুনাৰ সংৰক্ষণ আৰু দখলমুক্ত কৰাৰ দাবী কৰে। সংগঠনটোৱে লগতে ৰংঘৰ চৌহদৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে জল নিষ্কাষণ ব্যৱস্থা উন্নত কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায়।