July 28, 2025 6:39 PM

views 21

ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন আটাছুৰ

শিৱসাগৰ জিলাৰ ৰংঘৰৰ বাকৰিত আজি সদৌ টাই আহোম ছাত্ৰ সন্থা, আটাছুৱে এখন সংবাদ মেলৰ আয়োজন কৰি জিলাখনৰ ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰে। আটাছুৱে পূৰাতত্ব বিভাগ আৰু জিলা প্ৰশাসনক ইয়াৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিয়ে। সংগঠনটোৱে ৰংঘৰ, পহুগড়, ৰংগনাথ মন্দিৰ আৰু যমুনাৰ সংৰক্ষণ আৰু দখলমুক্ত কৰাৰ দাবী কৰে। সংগঠনটোৱে লগতে ৰংঘৰ চৌহদৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে জল নিষ্কাষণ ব্যৱস্থা উন্নত কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায়।

July 14, 2024 7:37 PM

views 20

শিৱসাগৰত সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈছে। নগৰখনৰ বৰ্ডিং খেল পথাৰত গছপুলি ৰোপণেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছত পতাকা উত্তোলন, মৈদাম তৰ্পণ, শ্বহীদ শ্ৰদ্ধাঞ্জলি আদি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগতে ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সদৌ অসম ভিত্তিত তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষই উদ্বোধন কৰা তৰ্ক প্ৰতিযোগিতাখনৰ বিষয় আছিল - ‘বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আহোম স্বৰ্গদেউ...