December 25, 2025 9:00 PM

views 16

প্রাক্তন প্রধানমন্ত্রী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী, সুশাসন দিৱস হিচাপে পালন

প্রাক্তন প্রধানমন্ত্রী, ভাৰত ৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ আজি ১০১ সংখ্যক জয়ন্তী, সুশাসন দিৱস পালন কৰা হৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত নেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কবে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্রাক্তন প্রধানমন্ত্রী বাজপেয়ীৰ জীৱন আৰু কৃতিৰ ওপৰত আধাৰিত এখন আলোকচিত্র প্রদর্শনীতো ভাগ লয়। বিশ্বনাথ জিলাত আঁটল বিহাৰী বাজপেয়...

December 25, 2025 10:46 AM

views 14

দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী

আজি দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণাস্থল উদ্বোধন কৰিব আৰু এখন জনসভাক সম্বোধন কৰিব। নিজৰ নেতৃত্বৰ জৰিয়তে দেশৰ গণতান্ত্রিক, ৰাজনৈতিক আৰু বিকাশৰ যাত্ৰাত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা ভাৰতৰ অন্যতম শ্রদ্ধা নেতাগৰাকীৰ জীৱন আৰু আদৰ্শৰ প্ৰতি শ্ৰীমোদীৰ দৃষ্টিভংগীৰে নিৰ্মিত ৰাষ্ট্ৰ প্ৰেৰণাস্থলে সন্মান প্ৰদৰ্শন কৰিব। ৬৫ একৰ ভূমিত প্রায় ২৩০ কোটি টকা ব্যয়ৰে এই প্ৰেৰণাস্থল নিৰ্মাণ কৰি উলিওৱা হৈছে। ...

August 16, 2025 6:02 PM

views 15

বাজপেয়ীৰ সপ্তম মৃত্যু বার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাৰে স্মৰণ

প্রাক্তন প্রধানমন্ত্রী, ভাৰতৰত্ন সন্মানেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ সপ্তম মৃত্যু বার্ষিকীত আজি সমগ্ৰ ৰাষ্ট্ৰই প্ৰয়াত নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। প্ৰসিদ্ধ নেতাগৰাকীয়ে ২০১৮ চনত শেষ নিশ্বাস ত্যাগ কৰিছিল। অটল বিহাৰী বাজপেয়ীয়ে তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। ১৯৯৬ চনত তেওঁ প্ৰথম বাৰ মাত্ৰ ১৩ দিনৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰিছিল। ইয়াৰ পাছত ১৯৯৮ৰ পৰা ১৯৯৯লৈ ১১ মাহৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব আছিল। প্রয়াত বাজপেয়ী ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ পূৰ্ণ কালৰ বাবে প্রধানম...

December 24, 2024 3:46 PM

views 13

কাইলৈ অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদী মধ্য প্ৰদেশলৈ যাব

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মধ্য প্ৰদেশলৈ যাব। তেওঁ ৰাজ্যখনৰ খাজুৰাহোত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই ভ্রমণকালতে প্রধানমন্ত্রীয়ে অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰিব। শ্রী মোদীয়ে লগতে এহেজাৰ ১৫৩টা অটল গ্রাম সুশাসন ভৱনৰ আধাৰশিলা স্থাপন কৰিব।