August 26, 2025 1:10 PM

views 20

চৰ্দাৰ ভল্লৱভাই পেটেল, বীৰচা মুণ্ডা আৰু অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্দেশ্যে তিনিখন উচ্চস্তৰীয় সমিতি গঠন

চৰকাৰে জনজাতি নেতা বীৰচা মুণ্ডা আৰু চৰ্দাৰ ভল্লৱভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তীৰ লগতে অটল বিহাৰী বাজপেয়ী জন্ম শতবার্ষিকী উদযাপনৰ উদ্দেশ্যে তিনিখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছে। কেন্দ্রীয় সংস্কৃতি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই তিনিওখন সমিতিৰে অধ্যক্ষ হিচাপে থাকিব। সমিতিকেইখনে দেশৰ বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী উদযাপনৰ উদ্দেশ্যে বিভিন্ন কাম-কাজৰ তদাৰক কৰিব।