July 18, 2024 12:58 PM July 18, 2024 12:58 PM
1
মহাৰাষ্ট্ৰৰ গড়চিৰোলী ছত্তীশগড় সীমান্তৰ এটাপল্লী খণ্ডত নক্সালবিৰোধী অভিযানত ১২ নক্সালবাদী নিহত
মহাৰাষ্ট্ৰৰ গড়চিৰোলী ছত্তীশগড় সীমান্তৰ সমীপৰ এটাপল্লী খণ্ডত নক্সালবিৰোধী অভিযানত ১২জন নক্সালবাদী নিহত হৈছে। আৰক্ষীয়ে ৱাণ্ডোলী গাঁৱৰ বনাঞ্চলত কালি বিয়লি নক্সালবিৰোধী অভিযান চলোৱাৰ সময়ত আত্মগোপন কৰি থকা নক্সালবাদীৰ দলে আৰক্ষীক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয়। এই সংঘর্ষত ১২জন নক্সালবাদী নিহত হয়। গড়চিৰোলীৰ আৰক্ষী অধীক্ষক নিলোৎপলে জনাইছে যে তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু আৰক্ষীয়ে বৰ্তমানলৈকে নক্সালবাদীৰ ১২টা শৱদেহ উদ্ধাৰ কৰিছে। ...