December 15, 2025 6:21 PM

views 8

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত পৰিষদৰ বিশেষ অধিবেশন

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ বিশেষ অধিবেশন অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত অধিবেশনত বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চলিত বিত্তীয় বৰ্ষৰ বাবে ১০০ কোটি টকাৰ পৰিপূৰক দাবী মঞ্জুৰি সদনত দাখিল কৰে। পাছত সদনে এই দাবীমঞ্জুৰিত অনুমোদন জনায়। কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই ১০০ কোটি টকাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬টা সমষ্টিৰ ৰাইজৰ অভাৱ-অভিযোগ পূৰণ কৰিৰলৈ পৰিপূৰক বাজেটত অনুমোদন জনোৱা হৈছে বুলি মুখ্য কাৰ্যবা...

August 26, 2024 11:23 AM

views 23

কাৰ্বি আংলঙৰ জিলাৰ উমৰ্টেলীত দুই কোটি টকা ব্যয় সাপেক্ষ এটি সমল কেন্দ্ৰৰ  আধাৰশিলা স্থাপন

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেঙৰ উমৰ্টেলী ৰাজহ গাঁৱত মন্ত্ৰী ৰণজিত কুমাৰ দাসে নতুনকৈ নিৰ্মাণ হ'বলগীয়া জিলা সমল কেন্দ্ৰৰ কালি আধাৰশিলা স্থাপন কৰে। দুই কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সমল কেন্দ্ৰটোৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ আত্মসহায়ক গোটৰ লগতে অন্যান্য স্বনিৰ্ভৰশীল সংগঠনসমূহকো বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্রদানেৰে স্বাৱলম্বিতাৰ বাট মুকলি কৰি দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শেহতীয়াকৈ ১০ লাখ ৭৫ খন ৰেচন কাৰ্ড ...