December 16, 2025 12:03 PM December 16, 2025 12:03 PM

views 11

গুৱাহাটীৰ ৰূপনগৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় মুকলি

অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় কালি গুৱাহাটীৰ ৰূপনগৰত মুকলি কৰা হয়। পূৰ্বে পল্টন বজাৰত থকা এই কাৰ্যালয় ৰূপনগৰলৈ স্থানান্তৰ কৰাৰ পাছত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে কালি কার্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে আয়োজিত সভাত দিয়া ভাষণত শ্ৰীবড়োৱে কয়, যে ৪০ বছৰৰো অধিক সময়ৰ পাছত পৰিবহণ নিগমে নতুন ঠিকনা লাভ কৰিলে। স্থায়ী কাৰ্যালয় স্থাপনৰ দ্বাৰা পৰিবহণ নিগম পুনৰ উজ্জীৱিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ৰূপনগৰত এই...