December 3, 2025 11:41 AM

views 26

সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত অসমৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

● ৰাজ্যৰ সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, ৰামেশ্বৰ তেলী, কৃপানাথ মাল্লা, পৰিমল শ...

September 28, 2024 11:02 AM

views 25

জম্মু-কাশ্মীৰত তৃতীয় পৰ্যায় আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ

জম্মু-কাশ্মীৰত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ আৰু হাৰিয়ানাত হ'বলগীয়া এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অহা মঙলবাৰে জম্মু-কাশ্মীৰৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটদাতাক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন দলৰ নেতাসকলে ইখনৰ পাছত সিখনকৈ জনসভা আৰু ৰোড শ্বত ভাগ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মুত আজি এখন ৰাজহুৱা সভাক সম্বোধন কৰিব। আনহাতে কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় শাসিত অঞ...

April 2, 2024 7:11 PM

views 47

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলোকে সমান সুযোগ প্ৰদানৰ বাবে নির্বাচন আয়োগৰ ৬ খন ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ

♦ নির্বাচন আয়োগে সমাগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলোকে সমান সুযোগ প্ৰদানৰ বিষয় লৈ মতামত আগবঢ়োৱা আৰু সমগ্ৰ প্ৰক্ৰিয়াত নজৰ ৰখাৰ বাবে ৬ খন ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ কৰিছে। এই ৰাজ্যকেইখনৰ ভিতৰত পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা আছে। বিশেষ পৰ্য্যবেক্ষকসকলক বিশেষকৈ সীমান্তৱৰ্তী এলেকাত গণতান্ত্ৰিক প্ৰক্ৰিয়া বিঘ্নিত কৰিব পৰা যিকোনো প্রয়াস ৰোধ কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। নিৰ্বাচন আয়োগে অন্ধ্রপ্রদেশ, কর্ণাটক, তামিলনাড়ু, উত্তৰ প্ৰদেশ আৰু ওড়িশাত...

April 2, 2024 7:13 PM

views 16

ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ

♦ সমাগত ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। সম্বলপুৰ বিধানসভা সমষ্টিৰ পৰা জয়নাৰায়ণ মিশ্ৰই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মানস কুমাৰ দত্তই বালেশ্বৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। চিতাংছু শেখৰ মহাপাত্রই ভদ্ৰক আৰু ক্ৰুছানা চন্দ্ৰ পাত্ৰই ধেনকানাল বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । ইফালে, বিজেপিৰ অজয় নিশাদে কংগ্ৰেছত যোগদান কৰিছে। নতুন দিল্লীত দলৰ নেতা মোহন প্ৰকাশ আৰু পৱন খেৰাৰ উপস্থিতিত অজয় নিশাদে কংগ্ৰেছ দলত যোগদান কৰে। উল্লেখযো...