July 13, 2024 9:04 PM July 13, 2024 9:04 PM
9
দেশৰ ৭খন ৰাজ্যৰ ১৩খন বিধানসভা আসনৰ বাবে হোৱা উপ-নির্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ ৪খনকৈ আসন লাভ
দেশৰ সাতখন ৰাজ্যৰ ১৩ খন বিধানসভা আসনৰ বাবে বুধবাৰে হোৱা উপ-নির্বাচনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে চাৰিখনকৈ আসন লাভ কৰিছে। বিজেপি দুখন আৰু আম আদমী পাৰ্টী আৰু ডি এম কে একোখনকৈ আসনত জয় হৈছে। ইফালে বিহাৰৰ ৰুপৌলী বিধানসভা সমষ্টিত নির্দলীয় প্রার্থী শংকৰ সিঙে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী জে ডি ইউৰ কলাধৰ প্ৰসাদ মণ্ডলক ৮ হাজাৰ ২৬৪ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। আম আদমী পাৰ্টীয়ে পাঞ্জাবৰ জলন্ধৰ পশ্চিম সংৰক্ষিত আসন হস্তগত কৰিছে। হিমাচল প্ৰদেশত শাসকীয় কংগ্ৰেছে দেহেৰা আৰু নালাগড় বিভানসভা সমষ্টিত জয় হোৱাৰ বি...