November 7, 2024 6:45 PM

views 29

চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চামগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰ, বিহালী স্নাতক মহাবিদ্যালয় খেলপথাৰ আৰু মহাবীৰ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত উন্নয়নৰ স্বাৰ্থত দলীয় প্ৰাৰ্থী দুগৰাকীক সমর্থন জনাবলৈ আহ্বান জনায়। ইফালে অসম প্রদেশ ক...

October 20, 2024 6:31 PM

views 25

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। বিজেপিয়ে কালি ৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সমান্তৰালভাৱে নিৰ্বাচনী অভিযানো তীব্ৰতৰ কৰি তুলিছে। দলটোৱে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চামগুৰিত দিপ্লুৰঞ্জন শৰ্মাক প্রার্থিত্ব প্ৰদান কৰিছে। ইফালে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটেও নির্বাচনী প্রস্তুতি চলাইছে যদিও এতিয়ালৈকে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। উল্লেখযোগ্য যে বঙাইগাঁও, ছিদলী, ধলাই, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত উপ-নি...

October 17, 2024 11:41 AM

views 27

অসমৰ ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত ১৩ নৱেম্বৰত উপ নির্বাচন

ৰাজ্যৰ ৫টা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমষ্টিকেইটাত বিজেপি, কংগ্ৰেছ, অগপ, এ আই ইউ ডি এফ, তৃণমূল কংগ্ৰেছ, বিপিএফ, ইউ পি পি এলকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত খালী হোৱা বিধানসভাৰ আসন ৫ খনৰ বাবে অহা ১৩ নৱেম্বৰত উপ নির্বাচন অনুষ্ঠিত হ'ব। সকলো ৰাজনৈতিক দলে নিজ নিজ দলৰ হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইপিনে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা অসম গণ পৰিষদৰ দলৰ সভাপতি অতুল বৰাই আগন্তুক উপ নির্বাচনত বঙাইগাঁও সমষ্...