April 12, 2025 9:26 PM April 12, 2025 9:26 PM

views 5

কাইলৈ ৰঙালী বিহুৰ উৰুকা, ৰাজ্যজুৰি পাৰভঙা উছাহ

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ এদিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। কাইলৈ বিহুৰ উৰুকা। পৰহিলৈ ৰাজ্যখনৰ জনসাধাৰণে গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন কৰিব। মঙলবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত হেঁপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব। ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহু উপলক্ষে উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণ অসমীয়া নৱবৰ্ষক পৰম্পৰাগত ৰীতি-নীতিৰে আদৰিবলৈ সাজু হৈছে। গাঁৱে-ভূঞে, চহৰে-নগৰে ৰঙালী বিহুক লৈ উৎসাহ-উদ্দীপনাৰ পৰিবেশে...