October 24, 2024 7:04 PM

views 35

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি লাভৰ আনন্দ উদযাপনৰ বাবে ৩-৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতি

অসম চৰকাৰে অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ আনন্দ উদযাপনৰ বাবে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে প্ৰতিখন জিলাতে এই সপ্তাহৰ কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ বৰেণ্য সাহিত্যিকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উপৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এই উপলক্ষে এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ আয়ুক্তই ভাষা গৌৰৱ সপ্তাহ নিয়াৰিকৈ পালন কৰাৰ বাবে আহ্বান জনায়। জিলা প্ৰশাসনৰ উদ্যোগত ৩ নৱেম্বৰ...