December 22, 2024 11:37 AM December 22, 2024 11:37 AM
10
অসমীয়া ভাষাৰ চৰ্চা আৰু সম্প্ৰসাৰণৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি বিশিষ্ট সাংবাদিক,গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ মন্তব্য
বিশিষ্ট সাংবাদিক তথা সাহিত্য একাডেমী বঁটাপ্রাপক গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে অসমীয়া ভাষাৰ চৰ্চা আৰু সম্প্ৰসাৰণৰ বাবে অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে। শিৱসাগৰৰ নিতাইপুখুৰীৰ ৰনুৱাবালিত মাহেকীয়া আলোচনী স্বদেশ পটভূমিৰ উদ্যোগত কালি আয়োজিত মেজমেল শীর্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত মাত্ৰাধিক উল্লাসিত নহৈ নতুন প্ৰজন্মৰ মাজত ভাষাটোক জনপ্ৰিয় কৰাৰ অৰ্থে কম্পিউটাৰ-মোবা...