June 19, 2025 6:50 PM

views 31

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাই জিলাই যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। হোজাই জিলাত এই দিৱস উদযাপনৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাচিত যোগ কেন্দ্ৰৰ সহযোগত এই দিৱস পালন কৰা হ'ব। দিৱসৰ প্ৰস্তুতিৰ বুজ লৈ যোগৰ অনুশীলনে বিশ্বত শান্তিৰ পৰিৱেশ ঘূৰাই আনিব বুলি স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে মন্তব্য কৰে।

June 21, 2024 7:36 PM

views 17

ৰাজ্যত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া, মন্ত্ৰী অজন্তা নেওগ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই অংশ গ্ৰহণ কৰে ৷ তেজপুৰৰ চাৰ্চ ফিল্ডত আয়োজিত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অশোক সিংহাল, কেশৱ মহন্ত, বিধায়ক পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিন্ধু আদিয়ে অংশ গ্ৰহণ কৰে। অনুষ...