April 27, 2025 8:53 PM April 27, 2025 8:53 PM

views 49

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রবল বৃষ্টিপাত আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। প্ৰচণ্ড ধুমুহাৰ ফলত ধুবুৰী নগৰৰ বহু অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত কেইবাটাও অঞ্চলত গছ-গছনি বাগৰি পৰাত যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰিছে। এই বাতৰি যুগুতোৱা পৰলৈ ধুবুৰী নগৰৰ বহু অঞ্চলত বিদ্যুৎ যোগান বন্ধ হৈ আছে। বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ বাবে ধুবুৰী পৌৰসভাকে ধৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব পৰা নাই। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্ত...

April 22, 2025 12:36 PM April 22, 2025 12:36 PM

views 3

বতৰৰ বতৰা-

● ৰাজ্যৰ বিভিন্ন স্থানত কালি বিয়লিৰ পৰা গাজনি-ঢেৰেকনিৰ সৈতে অহা বৰষুণৰ ফলত বিভিন্ন স্থান জলমগ্ন হৈ পৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কালি সন্ধিয়াৰ পৰা হোৱা বৰষুণৰ ফলত বহু স্থান পানীত বুৰ যায়। নবীন নগৰ, অনিল নগৰ, ভাস্কৰ নগৰ, ৰুক্মিনীগাঁও আদি অঞ্চল আজি পুৱা পৰ্যন্ত কৃত্রিম বানত বুৰ গৈ থাকে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি অহা ২৬ এপ্ৰিলল...

April 21, 2025 11:25 AM April 21, 2025 11:25 AM

views 27

বতৰৰ বতৰাঃ–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

April 1, 2025 12:28 PM April 1, 2025 12:28 PM

views 21

বতৰৰ বতৰাঃ

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৬.৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। আনহাতে, মেঘালয়, নাগালেণ্ড, মিজোৰাম, আৰু মণিপুৰত বতৰ ফৰকাল হৈ থাকিব বুলি কেন্দ...

March 14, 2025 11:33 AM March 14, 2025 11:33 AM

views 69

বতৰৰ বতৰা:

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৭ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

March 13, 2025 11:50 AM March 13, 2025 11:50 AM

views 78

বতৰৰ বতৰা:

বতৰৰ বতৰা: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মেঘালয়, ...

January 31, 2025 11:08 AM January 31, 2025 11:08 AM

views 44

বতৰৰ বতৰা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পাছত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৫ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২.২ ডিগ্রী ছেলছিয়াছ। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত মেঘালয় আৰু নাগালেণ্ডত পাত...

January 30, 2025 2:15 PM January 30, 2025 2:15 PM

views 22

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছৰ ভাগলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছৰ ভাগলৈ বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্ৰী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৪ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অৰুণাচল প্ৰদেশকে ধৰি অসম, মেঘালয় আৰু নাগালেণ্ডত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুকান হৈ থকাৰ আগলি...

January 25, 2025 12:29 PM January 25, 2025 12:29 PM

views 13

অসম আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান প্রতিষ্ঠানে জনোৱা মতে অসম আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য দুখনৰ কোনো কোনো অংশত ধুমুহা-গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনাও প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান প্রতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীত আজি সর্বোচ্চ তাপমাত্রা ২৫ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৬ ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২৩ দশমিক ২ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৬ দশমিক ৩ ডিগ্রী চেলছিয়াছ।

January 1, 2025 4:22 PM January 1, 2025 4:22 PM

views 13

অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বতৰৰ বতৰা বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ হিমালয়ৰ পাদদেশৰ উচ্চ অঞ্চলসমূহত পাতলীয়া তুষাৰপাত হোৱাৰো সম্ভাৱনা আছে। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগলি বতৰা অনুসৰি আজি গুৱাহাটীৰ আকাশ ফৰকাল থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্...