June 1, 2025 1:34 PM

views 33

বতৰৰ বতৰা:

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনীৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্রদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।

May 27, 2025 11:24 AM

views 34

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।

May 22, 2025 11:34 AM

views 34

ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি

■ কেইবাদিন ধৰি ৰাজ্যত হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত থাকিব। অহা তিনি- চাৰিদিনৰ ভিতৰত কেৰালাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্ৰৱেশ কৰিব। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি ২০০৯ চনৰ পিছত ভাৰতৰ মূল ভূখণ্ডত এয়াই হ’ব মৌচুমী বতাহৰ আগতীয়া আৰম্ভণি। সাধাৰণতে ১ জুনৰ ভিতৰত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কেৰালাত প্ৰৱেশ কৰে আৰু ৮ জুলাইৰ ভিতৰত সমগ্ৰ দেশতে এয়া বিয়পি পৰে। ...

May 20, 2025 7:09 PM

views 28

উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানৰ য়েল্ল’ এলাৰ্ট জাৰি

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। অসমৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। যোৱা মাজনিশাৰে পৰা গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰবল বৰষুণ হয়। মহানগৰীৰ কোনো কোনো অংশত ১০০ৰ পৰা ১১২.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়। বৰষুণৰ ফলত গুৱাহাটীৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে অসমৰ সৈতে মেঘালয় আৰু আন কেইবাখনো ৰাজ্যক সংযোগ কৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপ...

April 27, 2025 8:53 PM

views 73

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রবল বৃষ্টিপাত আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। প্ৰচণ্ড ধুমুহাৰ ফলত ধুবুৰী নগৰৰ বহু অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত কেইবাটাও অঞ্চলত গছ-গছনি বাগৰি পৰাত যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰিছে। এই বাতৰি যুগুতোৱা পৰলৈ ধুবুৰী নগৰৰ বহু অঞ্চলত বিদ্যুৎ যোগান বন্ধ হৈ আছে। বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ বাবে ধুবুৰী পৌৰসভাকে ধৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব পৰা নাই। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্ত...

April 22, 2025 12:36 PM

views 26

বতৰৰ বতৰা-

● ৰাজ্যৰ বিভিন্ন স্থানত কালি বিয়লিৰ পৰা গাজনি-ঢেৰেকনিৰ সৈতে অহা বৰষুণৰ ফলত বিভিন্ন স্থান জলমগ্ন হৈ পৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কালি সন্ধিয়াৰ পৰা হোৱা বৰষুণৰ ফলত বহু স্থান পানীত বুৰ যায়। নবীন নগৰ, অনিল নগৰ, ভাস্কৰ নগৰ, ৰুক্মিনীগাঁও আদি অঞ্চল আজি পুৱা পৰ্যন্ত কৃত্রিম বানত বুৰ গৈ থাকে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি অহা ২৬ এপ্ৰিলল...

April 21, 2025 11:25 AM

views 40

বতৰৰ বতৰাঃ–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

April 1, 2025 12:28 PM

views 33

বতৰৰ বতৰাঃ

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৬.৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। আনহাতে, মেঘালয়, নাগালেণ্ড, মিজোৰাম, আৰু মণিপুৰত বতৰ ফৰকাল হৈ থাকিব বুলি কেন্দ...

March 14, 2025 11:33 AM

views 80

বতৰৰ বতৰা:

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৭ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

March 13, 2025 11:50 AM

views 95

বতৰৰ বতৰা:

বতৰৰ বতৰা: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মেঘালয়, ...