September 11, 2024 1:24 PM

views 37

অহা ৬ দিনত অসম, মেঘালয় আৰু অৰুণাচল প্রদেশৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু অৰুণাচল প্রদেশৰ ঠাইবিশেষে অহা ৬ দিনত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে নগতে ছিকিম, পশ্চিম বংগ আৰু বিহাৰত ১৪ ছেপ্তেম্বৰ পৰ্যন্ত প্ৰৱল বৰষুণ হ'ব পাৰে বুলি সম্ভাৱনা প্রকাশ কৰিছে।

July 6, 2024 6:43 PM

views 164

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত ডুব যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত থাকিবলগী...

June 17, 2024 9:01 PM

views 47

ৰাজ্যত অহা ২০ জুনলৈ বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, ৰেড এলাৰ্ট জাৰি

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২০ জুনলৈ ৰাজ্যখনত বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও আৰু তামুলপুৰত মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই লগতে দক্ষিণ শালমাৰা, গোৱালপাৰা, বজালী, নলবাৰী আৰু কাৰ্বি আংলং জিলাতো ধাৰাসাৰ বৰষুণ হ'ব বুলি আগলি বতৰা দিছে।