May 27, 2024 7:05 PM

views 22

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে অসমত জিলা প্রশাসনসমূহৰ প্রস্তুতি আৰম্ভ

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে প্রস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্রস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে তৎপৰ হৈ উঠিছে। গণনাৰ বাবে নিয়োজিত বিষয়া, মাইক্র'অবজার্ভৰ, সহকাৰী বিষয়াকে ধৰি সংশ্লিষ্টসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। যোৱা ২৪ মে'ত প্ৰথম পৰ্য...