December 15, 2024 12:24 PM

views 35

অসম-ত্ৰিপুৰা সীমান্তৰ চুড়াইবাৰী গে’টত  ট্ৰাকৰ খুন্দাত এজন আৰক্ষী জোৱান নিহত

অসম ত্ৰিপুৰা সীমান্তৰ চুড়াইবাৰী গে’টত আজি এখন ট্ৰাকৰ খুন্দাত উজ্বল বৰা নামৰ এজন আৰক্ষী জোৱান নিহত হয়। গাড়ীচালকজনে পহৰা চকীত আৰক্ষীৰ সংকেত নামানি কৰ্তব্যৰত আৰক্ষী জোৱান উজ্বল বৰাক খুন্দিয়াই থৈ যায়। আৰক্ষী জোৱানজনৰ ঘটনাস্থলিত থিতাতে নিহত। নিহত আৰক্ষী জোৱানজন যোৰহাট জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।