June 10, 2025 6:46 PM

views 44

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ সমাধানৰ বাবে চৰকাৰৰ পৰা বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে। আজি দুপৰীয়া গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত ইউনিয়নৰ সভাপতি শিৱপ্ৰসাদ ডেকা আৰু সাধাৰণ সম্পাদক দুগ্ধৰাম কলিতাই কয়, যে ট্ৰিবিউন গোষ্ঠীৰ কৰ্মচাৰীসকলে যোৱা মাৰ্চ মাহৰ দৰমহাৰ ৭৫ শতাংশ লাভ কৰিছে আৰু এপ্ৰিল আৰু মে' মাহৰ দৰমহা আজি পর্যন্ত লাভ কৰা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত ইউনিয়নে যোৱা ১৩ মে'ৰ পৰা আসাম ট্ৰিবিউন পৰিসৰত প্ৰত...

April 10, 2025 8:08 PM

views 11

আছাম ট্রিবিউন এম্পলইজ ইউনিয়নৰ ৬৮ সংখ্যক অধিৱেশন অনুষ্ঠিত

অসমৰ বাতৰিকাকত প্ৰতিষ্ঠানৰ আটাইতকৈ পুৰণি শ্রমিক সংগঠন আছাম ট্রিবিউন এম্পলইজ ইউনিয়নৰ ৬৮ সংখ্যক অধিৱেশন আজি অনুষ্ঠিত হয়। আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ চৌহদত অনুষ্ঠিত অধিৱেশনত ৰাজ্যৰ বিশিষ্ট আইনজীৱি শান্তনু বৰঠাকুৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাম্প্রতিক সময়ত সংবাদপত্ৰ আৰু ইয়াৰ কৰ্মীসকলৰ সংকট, শ্রম আইন আৰু গণতন্ত্ৰৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। ইউনিয়নৰ সভাপতি শিৱ প্ৰসাদ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীত প্ৰতিষ্ঠানৰ ভালেমান অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ কৰ্মচাৰী উপস্থিত থাকে।