August 17, 2024 8:21 PM

views 20

৩৪ খন নির্বাচিত চাহ বাগিচাক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ জয়ন্ত মল্লবৰুৱাৰ

অসম চাহ পর্যটন উন্নয়ন আঁচনি দ্বিতীয় পৰ্যায়ত আজি পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই ৩৪ খন নির্বাচিত চাহ বাগিচাক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰে। অসমৰ চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অধীনত এই অনুমোদন পত্ৰ বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ পৰিকল্পনামৰ্মে আঁচনিৰ প্ৰথম পৰ্যায়ত ২২ খন বাগিচাক অনুমোদন পত্ৰ বিতৰণ কৰা হৈছে বুলি আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, ৰাজ্য চৰকাৰৰ এই পদক্ষেপে অসমৰ চাহ ঐতিহ্যক বিশ্বমানৰ পর্যটন ক্ষেত্ৰলৈ উন্নীত কৰিব বুল...