August 3, 2025 11:09 AM August 3, 2025 11:09 AM
22
চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা
● ৰাজ্য চৰকাৰে চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। শ্রমিক কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্যসচিব জে বি এক্কাই কালি প্ৰতিখন জিলা আয়ুক্তলৈ জাৰি কৰা নিৰ্দেশনাত সমাগত দুর্গা পূজাৰ প্ৰতি লক্ষা ৰাখি ১০ ছেপ্তেম্বৰৰ পূৰ্বে চাহ শ্রমিকক বোনাচ আদায় দিয়াটো সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি কিমান পৰিমাণৰ বা কি হাৰত বোনাচ আদায় দিয়া হ'ব এই সন্দৰ্ভত ৩১ আগষ্টৰ ভিতৰত ঘোষণাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। বিত্তীয় বৰ্ষ সমাপ্তিৰ ৮ মাহৰ ভিতৰত শ্ৰমিকক আইনগত বোনাচ আদায়...