February 3, 2025 12:34 PM

views 27

অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে লাভ কৰিব ৪৪,৪৯৪ কোটি টকা

অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে মুঠ ৪৪ হাজাৰ ৪৯৪ কোটি টকা লাভ কৰিব। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই কৰৰ অংশ হিচাপে ৪০ হাজাৰ ২৫৩ কোটি টকা অসমক ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই হিচাপত অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ৪ হাজাৰ ২৪০ কোটি টকা বেছিকৈ লাভ কৰিব। অহা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে কৰ্পোৰেট কৰ হিচাপে ১২ হাজাৰ ৪২৪ কোটি টকা, আয়কৰ হিচাপে ১৬ হাজাৰ ৫৭৭ কোটি টকা, কেন্দ্ৰীয় জি এছ টি ১২ হাজাৰ ৯৫৩ কোটি টকা, শুল্ক দুহেজাৰ ৪৭ কোটি টকা, কেন্দ্রী...