December 23, 2024 8:19 PM

views 31

অসম ৰাজ্যিক সংগ্ৰহালয়ত ২৬ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ ‘ঐতিহ্য সংগ্ৰহালয় উৎসৱ’

অসম ৰাজ্যিক সংগ্ৰহালয়ত অহা ২৬ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ ঐতিহ্য সংগ্ৰহালয় উৎসৱ নামেৰে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ তথা সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত এই উৎসৱ অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আলোচনাচক্র, বিশেষ প্রদর্শনী, মুকলি মঞ্চৰ লগতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব।