September 23, 2025 8:15 PM
15
জনতাৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন জিলাৰ জনজীৱন স্থবিৰ
জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি শেষকৃত্যৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ প্ৰতিখন জিলাৰ জনজীৱন স্থবিৰ হৈ পৰে। সকলো জিলাতে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে দোকান-পোহাৰসমূহো বন্ধ হৈ থাকে। ডিব্ৰুগড় জিলা নালিয়াপুল যুৱ উন্নয়ন পৰিষদে আজি অসম চিকিৎসা মহাবিদ্যালয়ত ৰোগীসকলৰ লগতে আত্মীয়সকলক প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আহাৰ বিতৰণ কৰে। জিলাখনৰ সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ আহ্বানত ১৮৩ খন বাগিছা বন্ধ ৰাখি শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। প্ৰতিখন চাহ বাগিছাত অসংখ্য শ্রমিক ওলাই আহি শ...