November 28, 2024 12:04 PM

views 9

ৰাজ্যৰ বিদ্যালয়সমূহত নতুনকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ নকৰাৰ সিদ্ধান্ত চৰকাৰৰ

ৰাজ্য চৰকাৰে শেহতীয়াভাৱে অনুষ্ঠিত কৰা প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ পাছত বিদ্যালয়সমূহত নতুনকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পৰিৱৰ্তে এই শ্ৰেণীৰ পদৰ বাবে ব্যক্তিগত নিযুক্তি সংস্থাৰ জৰিয়তে এম টি এছ অর্থাৎ মাল্টি টাস্কিং ষ্টাফ নিয়োগ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি গুৱাহাটীত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই ধৰণৰ মাল্টি টাস্কিং ষ্টাফ নিযুক্তিৰ ক্ষেত্ৰত শিক্ষা বিভাগে নিজাকৈ কোনো ভূমিকা পালন নকৰে। এই নিয়োগৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক...