November 27, 2025 2:33 PM

views 43

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে: শিক্ষামন্ত্ৰী

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ ২৩ হাজাৰ ১৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। অসম বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্ৰকাশ কৰে। ডাঃ পেগুৱে লগতে কয়, যে বৰ্তমান ৰাজ্যখনৰ চাহ বাগিছাসমূহত ১১৮ খন আদর্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন আদর্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে ৮৭ খন বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ আৰু ৩১ খন ব...

July 2, 2025 1:47 PM

views 42

ৰাজ্যৰ বিদ্যালয়সমূহত মঙলবাৰৰ পৰা গৰম বন্ধ আৰম্ভ

■ ৰাজ্যৰ বিদ্যালয়সমূহত কালিৰেপৰা গৰম বন্ধ আৰম্ভ হৈছে। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক-মানসিক বিকাশৰ লগতে গঠনমূলক কার্যত জড়িত কৰোৱাৰ উদ্দেশ্যে শিক্ষা বিভাগ আৰু শৈক্ষিক প্রতিষ্ঠানসমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গ্রীষ্ম বন্ধৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক দীপিকা চৌধুৰীয়ে বিদ্যালয়প্ৰধানসকললৈ এলানি নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি শিক্ষাৰ্থীসকলক নিজৰ বংশৰ শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে পিতৃৰ চাৰিটা প্ৰজন্মৰ বংশবৃক্ষ প্ৰস্তুত কৰাৰ লগতে ককা-...

June 10, 2025 6:33 PM

views 39

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰাৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ কৰা হ'ব। বিদ্যালয়সমূহক লগতে প্রাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰত অথবা ছাঁ পৰা স্থানত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদু...

January 30, 2025 11:02 AM

views 34

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। নতুন দিল্লীৰ ফাষ্ট এডুকেচন ফাউণ্ডেচন নামৰ এটা সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য প্ৰকাশ হৈছে। এই প্রতিবেদন প্ৰকাশ হোৱাৰ পাছতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত সন্তুষ্টি প্ৰকাশ কৰি কয়, যে প্রাক-বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি ৯০ শতাংশৰ ওচৰ চাপিছে। ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিক্ষাৰ্থীৰ ৯৯ শতাংশই বিদ্যালয়ত নামভৰ্তি কৰিছে। চৰকাৰী বিদ্যালয়সমূহত উচ্চ শিক্ষাৰ প্ৰতি শিক্ষাৰ্থী আগ্ৰহী হোৱা দেখ...

August 2, 2024 12:24 PM

views 19

শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’বঃ ৰণোজ পেগু

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু আজিম প্রেমজি বিশ্ববিদ্যালয়ৰ সহযোগত কালি গুৱাহাটীত অনুষ্ঠতি প্রশ্নকাকত প্রস্তুত সম্পৰ্কীয় এখন কর্মশালাত উপস্থিতি থাকি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে, ইতিমধ্যে স্থান লাভৰ ব্যৱস্থা আঁতৰোৱাৰ পিছত অহা এক-দুই বছৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰ...

August 1, 2024 8:13 PM

views 39

ৰাজ্যৰ ৯৭৪গৰাকী ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ আন্তঃজিলা বদলিৰ নির্দেশনা সর্বশিক্ষা অভিযান মিছনৰ

সর্বশিক্ষা অভিযান মিছনে ৰাজ্যৰ ৯৭৪গৰাকী ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ আন্তঃজিলা বদলিৰ নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি মিছনে নির্ধাৰিত দিনত নিজ শিক্ষানুষ্ঠানত যোগদান কৰিবলৈ বদলিকৃত শিক্ষকসকলক আহ্বান জনাইছে।

May 25, 2024 6:30 PM

views 31

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। শোণিতপুৰ, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি শোণিতপুৰ জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দিনৰ ১২ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটলৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১ ব...

May 25, 2024 6:04 PM

views 32

 প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচীত সাল-সলনি

♦ অসমৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। বঙাইগাঁও, কার্বি আংলং, শোণিতপুৰ, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহক পর্যাপ্ত শীতল খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। নির্দেশনাটোত বিদ্যালয়সমূহক প্ৰাতঃ সভা মুকলি আকাশৰ সলনি বিদ্যালয়ৰ বাৰান্দা বা শ্ৰেণীকোঠাৰ ভিতৰতে সম্পন্ন কৰিবলৈও উল্লেখ...

April 3, 2024 1:33 PM

views 50

অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব

♦ ৰাজ্যৰ অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অনুমতিবিহীন শিক্ষানুষ্ঠানসমূহক নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখিবলৈ এনে শিক্ষানুষ্ঠানসমূহক দৰ্পণ পোৰ্টেলৰ পৰা আতৰোৱা হ'ব বুলিও এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে। অৱশ্যে যিবোৰ শিক্ষানুষ্ঠানে যাৱতীয় তথ্যৰ সৈতে অনুমতিৰ বাবে শিক্ষা সংসদত ইতিমধ্যে আবেদন জনাইছে, তেনে শিক্ষানুষ...