December 27, 2025 6:32 PM

views 18

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনতো আজি এই উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। বজালী জিলাৰ পাটাছাৰকুছিত আজি অসম সাহিত্য সভাৰ পাটাছাৰকুছি শতদল শাখা সাহিত্য সভাৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে শাখাৰ সভাপতি হর্ষমোহন শর্মাই পতাক...

December 4, 2025 12:29 PM

views 32

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটবাসী ৰাইজ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীৰ উপস্থিতিত এই ঐতিহ্যপূর্ণ ভৱনটোৰ গৌৰৱপূৰ্ণ শতবর্ষ অনুষ্ঠানটো উদযাপিত হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্রা, আলোচনাচক্র, স্মৃতি গ্রন্থ উন্মোচন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিক, নৱ প্ৰজন্মৰ প্ৰতিনিধিকে ধৰি বহুলোকে অংশগ্ৰহণ কৰে।

November 9, 2025 8:37 PM

views 28

অসম সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সুৱাগ তোলা কার্যসূচী

অসম সাহিত্য সভাৰ উদ্যোগত আজি শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সুৱাগ তোলা শীর্ষক কার্যসূচী অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ যোৰহাটস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনটোৰ অহা ২ ডিচেম্বৰত ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই কাৰ্যসূচীত সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ লগত সংগতি ৰাখি এটা বর্ণাঢ্য শোভাযাত্রা উলিওৱা হয়।

June 30, 2025 8:30 PM

views 26

নামৰূপ শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন উদ্বোধন

অসমীয়া সাহিত্য-সংস্কৃতিলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা নামৰূপ শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন আজি সাংসদ ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। এই নৱনিৰ্মিত ভৱনে অনাগত সময়ত সাহিত্য, সংস্কৃতি তথা সমাজৰ উন্নয়নৰ হকে কৰা কাম-কাজসমূহ আগবঢ়াই নিয়াত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

May 23, 2025 7:49 PM

views 27

মামাং দাইলৈ অসম সাহিত্য সভাৰ ২০২৫ বৰ্ষৰ সাহিত্য সূৰ্য লুম্বেৰ দাই সোঁৱৰণী বঁটা

অসম সাহিত্য সভাই পদ্মশ্ৰী মামাং দাইলৈ ২০২৫ বৰ্ষৰ সাহিত্য সূৰ্য লুম্বেৰ দাই সোঁৱৰণী বঁটা আগবঢ়াইছে। অহা এক জুনত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ গান্ধী ছেকেণ্ডাৰী স্কুল তিনি আলিত আয়োজন কৰা সাহিত্যসূৰ্য লুম্বেৰ দাই ৮৫ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে পদ্মশ্ৰী মামাং দাইক এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰ নিবাসী এগৰাকী কবি, ঔপন্যাসিক তথা সাংবাদিক। তেওঁ দ্যা ব্লেক হিল নামৰ উপন্যাসখনৰ বাবে ২০১৭ চনত ...

May 21, 2025 12:23 PM

views 33

অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা-সাহিত্যৰ সমন্বয় সাধনৰ প্ৰয়াস

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে প্রতিবেশী ৰাজ্যৰ সৈতেও ভাষা-সাহিত্যৰ মাজত মিলন সেতু গঢ়াৰ লক্ষ্যৰে অসম সাহিত্য সভাই সেতুবন্ধ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত শেহতীয়াকৈ বৰাক উপত্যকাৰ তিনিওখন জিলাতে সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা- সাহিত্যৰ সমন্বয় সাধনৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সোমবাৰে উপত্যকাটোত সেতুবন্ধ যাত্ৰাৰ অন্তিম দিনা অসম সাহিত্য সভাই বর্ণাঢ্য কাৰ্যসূচীৰে বাংলা ভাষা ছহিদ দিৱসৰ আয়োজন কৰে। ইয়াৰ আগেয়ে যোৱা ১৮ এপ্ৰিলৰ পৰা...

January 30, 2025 6:41 PM

views 23

কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই অধিবেশনৰ কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে উৎসাহ উদ্দীপনাৰ পৰিবেশে বিৰাজ কৰিছে। অধিবেশনৰ আদৰণি সমিতিয়ে সাহিত্য সভাৰ এই অধিবেশনৰ অংশ হিচাপে বজালী শীর্ষক এটি গীত মুকলি কৰা হৈছে। ড° বিনীতা বৰা দেৱচৌধুৰীৰ কথা আৰু অৰূপ জ্যোতি বৰুৱাৰ সুৰ আৰু সংগীত পৰিচালনাৰে এই গীতটিয়ে বজালীৰ সংস্কৃতি, ইতিহাস আৰু ঐতিহ্যক বহুমাত্ৰিক ৰূপত তুলি ধৰিছে।        কাইলৈ পুৱা চাৰে...

January 30, 2025 6:35 PM

views 28

৭ গৰাকী বিশিষ্ট ব্যক্তিক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান

অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান সদস্য মহীয়ানৰ লগতে সাহিত্যাচার্য সন্মান আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাই সাহিত্যিক তথা অধ্যাপক থানেশ্বৰ শৰ্মা আৰু অধ্যাপক মহেশ্বৰ হাজৰিকাক সদস্য মহীয়ান সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সাহিত্যিক আনন্দ বৰমুদৈ, অধ্যাপক ইদ্রিছ আলী, অধ্যাপিকা কৰবী ডেকা হাজৰিকা আৰু অধ্যাপক ভীমকান্ত বৰুৱাক সাহিত্যাচাৰ্য সন্মান প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে বিশিষ্ট কবি আনিছ উজ জামানক অসম সাহিত্য সভাৰ জাতীয় কবি সন্...

January 29, 2025 1:14 PM

views 24

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

বজালী জিলাৰ পাঠশালাত পৰহিলৈৰ পৰা হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বজালীৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। এই অধিৱেশনত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ'ব। দুখন বাহনত প্রতীকি ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা-সংস্ক...

January 29, 2025 12:49 PM

views 30

কেইবাজনো বিশিষ্ট ব্যক্তিলৈ অসম সাহিত্য সভাৰ সন্মান

অসম সাহিত্য সভাই ৰাজ্যৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে সদস্য মহিয়ান, সাহিত্যচাৰ্য আৰু জাতীয় কবি সন্মান প্ৰাপকৰ নাম ঘোষণা কৰিছে। অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড° উপেন্দ্রনাথ শর্মাই প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ সদস্য মহিয়ান সন্মান আগবঢ়োৱা হৈছে বুলি অৱগত কৰে। একেদৰে গৱেষক, সাহিত্যিক, অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ইদ্রিছ আলী, বিশিষ্ট ভাষাবিদ, অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক, অধ্যাপক কৰ...