October 26, 2025 7:49 PM

views 61

অৰুণাচল আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আলফা স্বাধীনৰ এজন সদস্যক গ্ৰেপ্তাৰ

অৰুণাচল প্ৰদেশৰ নামচাইত ৰাজ্যখনৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আজি পুৱা আলফা স্বাধীনৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। সদস্যজন তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ বাসিন্দা অনুপম দহোটিয়া ওৰফে থাউচেন অসম বুলি জানিব পৰা গৈছে। সুৰক্ষা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে ১৭অক্টোবৰত তিনিচুকীয়াৰ কাকপথাৰৰ সেনাবাহিনীৰ শিবিৰত সংঘটিত আক্ৰমণৰ ঘটনাত এই সদস্যজন জড়িত আছিল। ধৃত সদস্যজনৰ পৰা এটা ৰাইফল, ১৫১ ৰাউণ্ড গুলী, গ্রেনেডকে ধৰি বুজন পৰিমাণৰ অস্ত্র-শস্ত্র আৰু গোলাবাৰন্দ জব্দ কৰা হৈছে। নামচাই আৰক্ষীয়ে সম্প্রতি তেওঁক সো...