April 11, 2025 7:51 PM

views 26

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লাখ ২২ হাজাৰ ৭৩৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৯ হাজাৰ ৪১ গৰাকী শিক্ষার্থী প্ৰথম বিভাগত, এক লাখ ৩৫ হাজাৰ ৫৬৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৪৫ হাজাৰ ৮৬২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই প্রথম স্থান, ৮১.১০ শতাংশৰে ডিব্ৰুগড় জিলাই দ্বিতীয় আৰু ৮০.৬৪ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জি...