January 6, 2026 7:10 AM

views 18

সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা

● সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা অনুষ্ঠিত হয়। শ্রীভূমি জিলাৰ জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিৱেদীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সমাগত গণৰাজ্য দিৱসৰ মুখ্য অনুষ্ঠান শ্ৰীভূমিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি সিদ্ধান্ত লোৱা হয়। সভাৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত ৰূপক মজুমদাৰে বিগত বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনৰ তালিকা পাঠ কৰে। সভাত গৃহীত নিয়মীয়া সিদ্ধান্তসমূহৰ উপৰি জিলা আয়ুক্তই এই বছৰ গণৰাজ্য দিৱস যথাযোগ্য মর্যাদাৰে উদযাপন কৰিবলৈ আৰু ইয়া...

January 25, 2025 12:41 PM

views 31

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ, ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে'ল আৰক্ষীয়েও ৰে'ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। পূৰ্ব নিৰ্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ বাবে সমগ্ৰ চহৰখনেই সুন্দৰভাৱে সজাই-পৰাই তোলা হৈছে। ইপিনে, খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয...