January 25, 2025 12:41 PM January 25, 2025 12:41 PM

views 5

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ, ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে'ল আৰক্ষীয়েও ৰে'ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। পূৰ্ব নিৰ্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ বাবে সমগ্ৰ চহৰখনেই সুন্দৰভাৱে সজাই-পৰাই তোলা হৈছে। ইপিনে, খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয...