November 5, 2025 7:44 PM November 5, 2025 7:44 PM

views 28

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ পৱিত্ৰ পৰিবেশে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে পৱিত্ৰ পৰিবেশে বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিবেশনৰ লগতে মৃন্ময় মূৰ্তিৰ জৰিয়তে আটক ধুনীয়াকৈ এই লীলা উপস্থাপন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ কেইবাখনো মঞ্চত কালিৰে পৰা অনুষ্ঠিত ৰাস মহোৎসৱ উপভোগ কৰাৰ বাবে বহু লোকৰ সমাগম হৈছে। জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ...

October 29, 2025 8:28 PM October 29, 2025 8:28 PM

views 49

পূৰ্ণ গতিত চলি আছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। সন্ধিয়া বিভিন্ন অঞ্চলত স্থানীয় বয়োজ্যেষ্ঠ, যুৱক-যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। মাজুলীৰ বিভিন্ন স্থানত অহা ৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটি সত্ৰত অহা ৬ নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত এইবাৰ মুঠ ৬৫ খন ৰাস অনুষ্ঠিত হ'ব। বহুকেইটা মঞ্চত শিশু ৰাস, মিছিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিবেশন কৰা হ'ব। যোৰহাট জিলাৰ ঢেকিয়াজুলি, বামুনপুখুৰী, শিৱস...

October 29, 2025 11:36 AM October 29, 2025 11:36 AM

views 18

ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন, পূৰ্ণগতিত অব্যাহত আখৰা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। হোজাই জিলাৰ বামুণগাঁৱতো পৰম্পৰা ৰক্ষা কৰি দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। লংকাৰ বামুণগাঁও, পিপলপুখুৰী আৰু জুঠাংবস্তি আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত অহা ৫ আৰু ৬ নৱেম্বৰত ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম দিনা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনেৰে অনুষ্ঠান মুকলি কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কেলিগোপাল নাট অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা স্থানীয় শিল্পীসকলে ভাওনা প্ৰদৰ্শন কৰিব।

November 15, 2024 11:49 AM November 15, 2024 11:49 AM

views 20

আজি ৰাস পূর্ণিমা; ৰাজ্যৰ বিভিন্ন স্থানত ৰাস মহোৎসৱ আৰম্ভ

আজি ৰাস পূর্ণিমা। শৰৎকালৰ এই মনোৰম পূর্ণিমাত পালন কৰা ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্রান্তে উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। মাজুলীৰ সত্ৰসমূহত কালিৰে পৰা ৰাস মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে। কালি জিলাখনৰ নতুন বজাৰ, জেংৰাইমুখ, মুদৈবিল, ভকতীদুৱাৰ আদি অঞ্চলত শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত হয়। দক্ষিণপাট, আউনিআটী, গড়মূৰ, উত্তৰ কমলাবাৰী, বেঙেনাআটী, চামগুৰি, এলেংগি নৰসিংহ আদি সত্ৰসমূহকে ধৰি স্থায়ী আৰু অস্থায়ী সকলো ৰংগমঞ্চতে আজি ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এইবাৰ মাজুলীত ৬৫...

November 12, 2024 7:28 PM November 12, 2024 7:28 PM

views 17

সমাগত ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি

সমাগত ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান মাজুলীৰ সত্ৰসমূহৰ লগতে উজনি অসমৰ বিভিন্ন জিলা আৰু নামনি অসমৰ ঠায়ে ঠায়ে ৰাস উৎসৱক কেন্দ্ৰ কৰি উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমাৰ মনোৰম পৰিৱেশত পালন কৰা এই ৰাসলীলাৰ প্ৰস্তুতি উপলক্ষে মাজুলীৰ সত্ৰসমূহত উখল- -মাখল পৰিবেশে বিৰাজ কৰিছে। প্ৰতিবছৰে মাজুলীৰ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ দেশ বিদেশৰ বহু লোক আহি নদীদ্বীপটোত উপস্থিত হয়। এইবাৰ সত্ৰসমূহৰ লগতে স্থায়ী অস্থায়ী ভিত্তিত মুঠ ৬৫ খন ৰাস মহো...

November 11, 2024 12:04 PM November 11, 2024 12:04 PM

views 10

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ৰাসৰ আখৰাকে ধৰি অন্যান্য প্রস্তুতি চলাই থকা হৈছে। মহানগৰীৰ ওদালবাক্ৰাত জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আয়োজন কৰা ৰাস মহোৎসৱত ১৫০টা মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰা হ'ব। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহতো উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। মাজুলী জিলা প্...