September 8, 2025 12:26 PM

views 12

অসমত বছৰি গড়ে ৭ হাজাৰটা পথ দুৰ্ঘটনাত ৩ হাজাৰ ব্যক্তিৰ প্রাণহানি হয় বুলি পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ৰ প্রকাশ

পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ে প্রকাশ এটা প্ৰতিবেদন অনুসৰি অসমত বছৰি গড়ে সাত হাজাৰটা পথ দুৰ্ঘটনাত তিনি হাজাৰ ব্যক্তিৰ প্রাণহানি হয়। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ২০১৯ৰ পৰা ২০২৩ বৰ্ষলৈ ৰাজ্যত মুঠ ৩৪ হাজাৰ ৮২০ টা পথ দুৰ্ঘটনাত ১৫ হাজাৰ ১৬৩ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাত অধিকাংশই দুচকীয়া বাহনৰ সংঘৰ্ষৰ ফলত নিহত হৈছে। এই পথ দুৰ্ঘটনাসমূহৰ অধিকাংশই দ্রুত গতি, বিপৰীত দিশত চলাচল, বিসংগতিপূৰ্ণ পথ নিৰ্মাণ আৰু জৰাজীৰ্ণ পথৰ বাবে সংঘটিত হয়। এই পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা...