January 17, 2026 12:58 PM

views 27

দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদহ ৰে'ল ষ্টেচনৰ পৰা কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী সম্পূৰ্ণৰূপে শীত-তাপ নিয়ন্ত্রিত এই ৰে'লগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবটীয়া যাত্ৰা অধিক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। মালদহ ৰে'ল ষ্টেচনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী নীত...

December 3, 2025 11:22 AM

views 19

পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে’লপথ স্থাপন হ’ব: ৰে’ল মন্ত্রণালয়

● ৰে’ল মন্ত্রণালয়ে পশ্চিমবংগৰ নিউ কোচ বিহাৰৰ পৰা গোলকগঞ্জ আৰু গৌৰীপুৰ হৈ অভয়াপুৰীলৈ থকা ১৫২. ৩১ কিলোমিটাৰ ৰে'লপথৰ দ্বৈতকৰণৰ চূড়ান্ত জৰীপত অনুমোদন জনাইছে। প্রায় তিনি কোটি ৬৫ লাখ টকা ব্যয়েৰে চলাবলগীয়া এই স্থানভিত্তিক জৰীপ শীঘ্ৰেই আৰম্ভ হ'ব। বৰ্তমান এশাৰীয়া লাইনযুক্ত এই পথটো দ্বৈত ৰে'লপথ হৈ উঠিলে পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে'লপথ স্থাপন হ'ব। উল্লেখযোগ্য যে বঙাইগাঁৱৰ পৰা অভয়াপুৰী হৈ নৰনাৰায়ণ সেঁতুৰে কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে দ্বৈত ৰে'লপথ আৰু বৈদ্যুতিকৰণৰ কাম সম্...

July 19, 2025 12:24 PM

views 14

ডুমডুমা ৰে’লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল প্ৰশাসনলৈ পত্ৰ ৰে’লৱে পৰিষদৰ

■ ৰে'লৱে পৰিষদে ডিব্ৰু-শদিয়া ৰে'লপথৰ ডুমডুমা ৰে'লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে'ল প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য বাণিজ্যিক পৰিচালকলৈ প্ৰেৰণ কৰা এই পত্ৰখনত যাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আৰু টীকট কাউণ্টাৰ স্থাপন সন্দৰ্ভতো উত্তৰ বিচৰা হৈছে। ৰে'লৱে পৰিষদৰ যান-বাহন বাণিজ্যিক শাখাৰ যুটীয়া সঞ্চালক নিশিথ লুকাছ টিাই যোৱা উত্তৰ-পূব সীমান্ত ৰে'লৱেক অহা ২১ জুলাইৰ ভিতৰত এই পত্ৰৰ বিশদ প্রতিবেদন দাখিল কৰিবলৈ স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে অসমকে ধৰি উত্তৰ-পূৰ...

June 6, 2025 7:04 PM

views 32

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত জনশতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে’ল যাত্ৰী সন্থাৰ আহ্বান

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰে'ল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বিসাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে'ল যাত্ৰী সন্থাই আহ্বান জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য যাত্ৰী পৰিবহন প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰে'ল যাত্ৰী সংগঠনটোৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এই জনশতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ বাবে ৰে'ল কৰ্তৃপক্ষৰ শলাগ লয়। সংগঠনটোৱে ৰে'ল গাড়ীখনৰ যথাযোগ্য ব্যৱহাৰৰ বাবে ইয়াক দৈনিক নহ'লেও অন্ততঃ সপ্তাহত ছদিনকৈ চলাচল কৰালে সমগ...