December 26, 2024 8:09 PM

views 27

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিলৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিলৈ এই বছৰৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ‘ধাৰ আৰু অন্যান্য গল্প' পুথিৰ বাবে ঠংছিয়ে এই বঁটা লাভ কৰিছে। আজি অসম গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ উপস্থিতিত উপাধ্যক্ষ সুমন্ত চলিহাই এই কথা ঘোষণা কৰে। অহা ৩১ ডিচেম্বৰত অসম গ্ৰন্থমেলাৰ বাকৰিত শ্ৰী ঠংছিক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই বঁটাত আছে – এখন প্রশস্তি পত্র, অংগবস্ত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আৰু নগদ ৫ লাখ টকা। ইয়াৰ উপৰি গ্ৰন্থখনৰ...