July 14, 2025 7:58 PM

views 25

গুৱাহাটী শিশু মহোৎসৱৰ আজি পঞ্চম দিনা দন্ত সজাগতা চিকিৎসা শিবিৰ মুকলি

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱৰ আজি পঞ্চম দিনা দন্ত সজাগতা চিকিৎসা শিবিৰ মুকলি কৰা হয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবী কটকীৰ তত্বাৱধানত আয়োজিত শিবিৰত অভিভাৱকসকলে অংশগ্ৰহণ কৰে। ডাঃ কটকীয়ে অসম প্ৰকাশন পৰিষদৰ শিশু মহোৎসৱ আয়োজনৰ লগতে দাঁতৰ যতন লোৱাৰ ক্ষেত্ৰত সচেতনতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। তেওঁ কয়, যে শিশুসকলক নাটক, কবিতা আবৃত্তি আদি শিকিবলৈ উৎসাহিত কৰা হয় যদিও ইয়াৰ বাবে শুদ্ধ উচ...

July 2, 2025 7:58 PM

views 53

২২ টা নিৰ্বাচিত বিষয়ত গ্ৰন্থৰ পাণ্ডুলিপি প্ৰকাশৰ পৰিকল্পনা অসম প্ৰকাশন পৰিষদৰ

অসম প্ৰকাশন পৰিষদে অসমীয়া, বাংলা আৰু বড়োকে ধৰি অন্যান্য জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ ২২ টা নিৰ্বাচিত বিষয়ত গ্ৰন্থৰ পাণ্ডুলিপি প্ৰকাশৰ পৰিকল্পনা কৰিছে। ৰাজ্যৰ লেখক তথা বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক সামৰি পৰিষদে গ্রন্থবৰ্ষ ২০২৫ ফেলশ্বিপ' শীর্ষক প্রকল্প গ্রহণ কৰিছে। এই প্ৰকল্পৰ অধীনত লেখক-গ্ৰন্থকাৰসকলে পৰিষদৰ দ্বাৰা নিৰ্ধাৰিত বিষয়সমূহৰ মাজৰ পৰা যিকোনো বিষয় বাছনি কৰি ৰচনা কৰা গ্ৰন্থৰ পাণ্ডুলিপিৰ বাবে ফেল'শ্বিপ লাভ কৰিব। গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত আয়োজি...

November 2, 2024 6:41 PM

views 18

৫ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ দুলীয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এই গ্রন্থমেলাত অসমৰ ভালেমান আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও প্রকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব। পৰিষদে জনোৱা অনুসৰি গ্ৰন্থমেলাৰ বাকৰিত ভিন ভিন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব।

October 14, 2024 8:10 PM

views 14

বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণৰ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰে এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে পুৰস্কৃত কৰা হ'ব। আজি এটা বিবৃতিযোগে পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে এই বঁটা গ্ৰন্থৰ লেখকক ৫ লাখ টকাৰ সৈতে মানপত্র আৰু প্ৰকাশকক ৩ লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব। ন...